মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়

সফলতাৰ কাহিনী

কৃষি আত্ম সহায়ক গোট, গোৱালপৰা

গোৱালপাৰা জিলাৰ অধীনৰ আমবাৰীৰ আবৰাৰভিটা গাঁৱৰ কৃষি আত্ম সহায়ক গোটক আৰ.কে.ভি.ৱাই ২০০৮-২০০৯ ৰ অধীনত ছাগলী পামৰ বাবে আৰ্থ সাহায্য হিচাপে পঞ্চাশ হেজাৰ টকাৰ অনুদান আগবঢ়োৱা হৈছে।

আত্মসহায়ক গোট গঠনৰ পিছত:

  • (আত্ম সহায়ক গোট) এছ.এইচ.জি য়ে ২০০৯ ৰ ১৫ জুলাই তাৰিখে ওচৰৰ পশুচিকিৎসকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি ২০ জনী স্থানীয় মাইকী ছাগলী আৰু পাঁচটা মতা বেংগল ছাগলীৰে তেওঁলোকৰ নিজা মাটিত সৰুকৈ এখনি ছাগলী পালন ফাৰ্ম আৰম্ব কৰে।
  • ছাগলীৰ ফাৰ্ম আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে নেপিয়াৰ ঘাঁহৰ খেতি কৰিবলৈ আৰম্ভ কৰে যিয়ে তেওঁলোকৰ পশুপালনৰ বাবে প্ৰয়োজন হোৱা পশুখাদ্যৰ খৰচ বহুখিনি হ্ৰাস কৰিব।
  • সম্প্ৰতি ২২ জনী মাইকী ছাগলী আৰু সাতটা মতা ছাগলী আৰু ইহঁতৰ উৎপাদিত সৰ্বমুঠ ১১৮ টা ছাগলী বিক্ৰীৰে জীৱন ধাৰণত সুচল হোৱাকৈ উপাৰ্জন কৰি এছ.এইচ.জি সুচাৰুৰূপে চলি আছে।
  • এছ.এইছ.জি ৰ সদস্যসকলে তেওঁলোকৰ মাটিত বৰ্তমানে উদ্যানপালনো আৰম্ভ কৰিছে।
  • এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ আৰু এছ.এইচ.জি ৰ সদস্যসকলৰ যত্ন ভূয়সী প্ৰশংসিত হৈছে আৰু ২০১০ ৰ ২৬ ফেব্ৰুৱাৰীত এছ.এইচ.জি ৰ সচিব মহম্মদ আব্দুল হালিম ভাৰত চৰকাৰৰ কৃষি বিভাগৰ মাননীয় মন্ত্ৰীৰ পৰা সৰ্বোৎকৃষ্ট কৃষকৰ বঁটা (Best Farmers Award) লাভ কৰিবলৈ সক্ষম হৈছে।