ভি.এফ.এ ৰ অধীনৰ পশুপালন আৰু পশুচিকিৎসা বিজ্ঞান ২০১৭-১৮ বৰ্ষত পশুচিকিৎসা বিজ্ঞান বিদ্যালয়, গুণগুৰ, শিলচৰত অনুষ্ঠিতব্য প্ৰশিক্ষণৰ পাঠগ্ৰহণৰ বাবে অসমৰ পুৰুষ প্ৰাৰ্থীৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে। পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয় অসম, চেনিকুঠি, গুৱাহাটী ৩ ৰ অধীনত ৩০০ আসনৰ বাবে এই আবেদনপত্ৰসমূহ ২৭ আগষ্ট ২০১৭ ৰ বিয়লি পাঁচ বজালৈ গ্ৰহণ কৰা হয়।
পহিলা জানুৱাৰী ২০১৭ অনুসৰি আবেদনকাৰীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩০ বছৰৰ অধিক হ’ব নালাগিব। সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীৰ সৰ্বোচ্চ বয়সৰ ক্ষেত্ৰত নিৰ্দেশনা অনুসৰি শিথিলতাৰ ব্যৱস্থা আছে।
চৰকাৰী জাননী নং VFV.155/2013/62 তাৰিখ ০৬/০৭/২০১৭ অনুসৰি আবেদনকাৰীৰ নূন্যতম শিক্ষাগত অৰ্হতা কোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞান বিষয়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হ’ব লাগিব।
আবেদনকাৰীয়ে আবেদনপত্ৰসমূহ অসম চৰকাৰৰ ৱেবচাইট assam.gov.in ৰ পৰা ডাউনলোড কৰি লৈ সাধাৰণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ আবেদনকাৰীয়ে ১০০ টকাকৈ আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতীৰ আবেদনকাৰীয়ে ৫০ টকাকৈ ক্ৰছড্ ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰ ডাকযোগে ঘুংগুৰ, শিলচৰত অৱস্থিত অধ্যক্ষ, স্কুল অৱ ভেটেৰিনাৰী চায়েন্স এণ্ড এনিমেল হাজবেন্দ্ৰী, অসম ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। আবেদনপত্ৰৰ সৈতে প্ৰয়োজনীয় নথিপত্ৰ পাঁচ টকাৰ ডাক টিকট লগোৱা ২৩x১১ আকাৰৰ খামত ডাকযোগে প্ৰেৰণ কৰিব লাগিব নতুবা কৰ্য্যালয় খোলা থকা দিনত ড্ৰপবক্সত জমা দিব লাগিব:
১) বৰাক উপত্যকাৰ জিলাসমূহক বাদ দি অসমৰ অন্যান্য সমতল জিলাসমূহ: পৰিচালন সঞ্চালক, পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়, অসম, চেনীকুঠি, গুৱাহাটী-৩
২) বৰাক উপত্যকাৰ জিলাসমূহ: অধ্যক্ষ, পশুচিকিৎসা বিজ্ঞান বিদ্যালয়, গুণগুৰ, শিলচৰ
৩) বিটিএডি জিলাসমূহ: পৰিচালন সঞ্চালক, পশুপালন ও পশুচিকিৎসা বিভাগ, কোকৰাঝাৰ
৪) ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাসমূহ: অতিৰিক্ত পৰিচালক, পশুপালন ও পশুচিকিৎসা বিভাগ (পাৰ্বত্য), হাফলঙ, অসম