মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়

পশুখাদ্য

গোটেই বছৰযুৰি আশা কৰা ধৰণে লাভৱাম্বিত হ’বলৈ কৃষকসকলে বিভিন্ন ধৰণৰ পশুখাদ্যৰ খেতি কৰিব পাৰে।

ওটচ বা বিলাতী য’ধান

ওটচ বা বিলাতী য’ধান এবিধ শীতকালীন শস্য যিয়ে অতি পুষ্টিকৰ খাদ্য প্ৰদান কৰে। এই শস্যবিধ পশুধনক কেঁচাই নতুবা শুকান ঘাঁহৰ ৰূপত ভোজন কৰাব পাৰি। এই শস্যৰ খেতি কৰিবলৈ মাটিডৰা বালিচঁহীয়া আৰু পানী নোৰোৱা বিধৰ হ’ব লাগে। এই খেতি আৰম্ভ কৰাৰ আগতে মাটিডৰা পাঁচ-ছয়বাৰ ভালকৈ চহ কৰি ল’ব লাগে।

কেতিয়া আৰু কেনেকৈ এই শস্যৰ খেতি কৰা হয়?

অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত গুটি সিঁচা হয়। সাধাৰণতে এবিঘা মাটিত ১৩-১৪ কিলো বীজৰ প্ৰয়োজন হয়। দুটি বীজ এক ফুট অন্তৰৰ ব্যৱধানত ৰোপণ কৰা হয়।

সাৰ

প্ৰতিবিঘা খেতিৰ মাটিত হাল বোৱাৰ সময়ত ছয় কুইণ্টল জৈৱিক সাৰ মিহলোৱা হয়। ইয়াৰ উপৰি প্ৰতিবিঘা খেতিৰ মাটিত বাৰ কিলোগ্ৰাম ইউৰিয়া, উন্নৈশ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু চাৰি কিলোগ্ৰাম পটেছিয়াম ক্ল’ৰাইড (MOP) সাৰ প্ৰয়োগ কৰা হয়। নিয়ম অনুসৰি বীজ সিঁচাৰ আগতে ছয় কিলোগ্ৰাম ইউৰিয়া মাটিডৰাত প্ৰয়োগ কৰা হয়। এই সমস্ত কাৰ্য্যসম্পাদনৰ পাচত তিনি কিলোগ্ৰাম ইউৰিয়া শেষত প্ৰয়োগ কৰিলে ষাঠি-সত্তৰ দিনৰ পাচত যেতিয়া প্ৰথমবাৰৰ বাবে পশুখাদ্য কাটি আনিব পৰা হয় তেতিয়া ই অধিক লাভজনক হয়।

অপতৃণ দূৰীকৰণ আৰু জলসিঞ্চন

বীজ সিঁচাৰ এমাহ পাচত অপতৃণ আঁতৰোৱাৰ পৰামৰ্শ দিয়া হয়। শুষ্কতাৰ সময়ত বা শুকান বতৰৰ সময়চোৱাত পোন্ধৰ-বিশ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চনৰ পৰামৰ্শ আগবঢ়োৱা হয়।

ফচল

সঠিক সময়ত বীজ সিঁচা হ’লে ষাঠি-সত্তৰ দিনৰ পাচত পশুখাদ্যৰ ফচল লাভ কৰিব পৰা হয়। পিছৰবাৰ খেতি কৰিলে ফুল ফুলিবলৈ ধৰাৰ সময়তে ইয়াক কটা হয়। এবিঘা মাটিত সাধাৰণতে ত্ৰিশ-চল্লিশ কুইণ্টল পশুখাদ্য উৎপাদন কৰিব পাৰি।

পুষ্টিকাৰক উপাদান

প্ৰ’টিন: ৭ ৰ পৰা ৯ শতাংশ
কেলচিয়াম: ০.৩৫ শতাংশ
ফচফৰাচ: ০.১৫ শতাংশ পটাছিয়াম: ২.৪৩ শতাংশ
এক বিঘা মাটিত যদি আঠ কিলোগ্ৰাম নাইট্ৰ’জেন সাৰ প্ৰয়োগ কৰা হয় তেতিয়া ইয়াৰ প্ৰ’টিন মূল্য ১১ শতাংশলৈ বৃদ্ধি পায় আৰু গাখীৰ উৎপাদনো বৃদ্ধি হয়।

নেপিয়াৰ ঘাঁহ

বছৰৰ বাৰমাহেই হোৱা এবিধ উৎকৃষ্ট পশুখাদ্য হৈছে নেপিয়াৰ ঘাঁহ। নেপিয়াৰ ঘাঁহ খেতি সকলো ধৰণৰ মাটিতেই কৰাৰ বাবে উপযুক্ত।

কেতিয়া আৰু কেনেকৈ ৰোৱা হয়?

পশুখাদ্য ৰোপণ বা ইয়াৰ খেতি কৰাৰ বাবে মাৰ্চৰ পৰা জুলাই মাহেই হৈছে উৎকৃষ্ট সময়। ইয়াৰ দুই নতুবা তিনি ভাগ কৰি কটা অংশ পুলি হিচাপে ৰোপণ কৰা হয়। কটা অংশ পুলি হিচাপে ৰোপণ কৰিলে ইয়াৰ এটা কলিৰ গাঁঠি ঠিক কুঁহিয়াৰ ৰোপণ কৰাৰ দৰে মাটিৰ তলত ৪৫ ডিগ্ৰী কোণত ৰোপণ কৰিব লাগে। এই পুলিসমূহৰ দুটিৰ মাজত নব্বৈ ছেণ্টিমিটাৰ ব্যৱধান ৰখা হয় আৰু শিপাৰ মাজত ৰখা ব্যৱধানৰ পৰিমাণ হৈছে ৯৫ ছেণ্টিমিটাৰ। এবিঘা মাটিত চাৰি হেজাৰ পুলি ৰোপণ কৰিব পাৰি।

সাৰ

এক বিঘা মাটিত দহৰ পৰা পোন্ধৰ কুইণ্টল জৈৱিক সাৰ প্ৰয়োগৰ পৰামৰ্শ আগবঢ়োৱা হয়। ইয়াৰ উপৰি প্ৰতি হেক্টৰ মাটিত পয়ত্ৰিশ কিলোগ্ৰাম ইউৰিয়া, ৪৪ কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু সাত কিলোগ্ৰাম পটেছিয়াম ক্ল’ৰাইড (MOP) প্ৰয়োগ কৰা হয়। শস্য ৰোপণৰ আগতে আটাইকেইটা উপাদানৰ লগত সমগ্ৰ ইউৰিয়াৰ ১/৪ অংশ প্ৰয়োগ কৰা হয়। বাকী থকা ৩/৪ অংশ ইউৰিয়া প্ৰথম, তৃতীয় আৰু পঞ্চম মাহৰ শেষত পশুখাদ্য কটাৰ পিছত মাটিডৰাত প্ৰয়োগ কৰা হয়।

অপতৃণ দূৰীকৰণ আৰু জলসিঞ্চন

অদৰকাৰী ঘাঁহ-বন আঁতৰোৱা হয়। শুষ্কতাৰ সময়চোৱাত বা খৰাং মাহকেইটাত খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিলে উন্নতমানৰ পশুখাদ্য লাভ কৰিব পাৰি।

ফচল

পশুখাদ্য ৰোপণৰ ষাঠি দিনৰ পিছত ইয়াক প্ৰথমবাৰৰ বাবে কটা হয়। ইয়াৰ পিছত প্ৰতি ৪৫ দিনৰ মূৰে মূৰে পশুখাদ্য বা শস্য চপোৱা হয়। এবিঘা মাটিৰ পৰা আমি প্ৰায় ১৭৫ কুইণ্টল পশুখাদ্য লাভ কৰিব পাৰোঁ। তিনি বছৰৰ পিছত পুৰণি খেতিৰ উদ্ভিদ আঁতৰাই নতুন শস্যৰ পুলি ৰোপণ কৰা হয়।

পুষ্টিকাৰক উপাদান

প্ৰ’টিন: ১০.২%
কেলচিয়াম: ০.৮৬%
ফচফৰাচ: ০.৩৭%

ৰাইচবিন

ৰাইচবিন হৈছে একপ্ৰকাৰ মাহজাতীয় শস্য যি পশুধনৰ বাবে এক অন্যতম পুষ্টিকৰ খাদ্য। এই শস্যবিধ শুকান বতৰ বা খৰাং সময়তো জীয়াই থাকে। এই শস্যবিধ সকলো ধৰণৰ মাটিতেই কৰাৰ বাবে উপযোগী হ’লেও পানী থকা নিম্নভূমি এই খেতি কৰাৰ বাবে অধিক উপযোগী।

কেতিয়া আৰু কেনেকৈ ৰোৱা হয়?

মাটিডৰা ভালকৈ চহ কৰি লোৱা হয়। ইয়াৰ পাচত মাৰ্চ মাহৰ পৰা মে’ মাহৰ ভিতৰত বীজ সিঁচা হয়। আমি বীজ দুইধৰণে সিঁচিব পাৰো- বীজ সাধাৰণভাৱে পোনপটীয়াকৈ সিঁচি দিব পাৰোঁ নতুবা ২৫-৩০ ছেণ্টিমিটাৰ ব্যৱধান ৰাখি শাৰী শাৰীকৈ দুটি বীজৰ মাজত ১০ ছেণ্টিমিটাৰ দূৰত্ব ৰাখি বীজ ৰোপণ কৰিব পাৰো। বীজৰ বাবে খেতি কৰা হ’লে দুটি শাৰীৰ মাজত ব্যৱধান ৬০-৭০ ছেণ্টিমিটাৰ ৰাখিব লাগে। পশুখাদ্যৰ বাবে কৰা হোৱা খেতি হ’লে এবিঘা মাটিত পাঁচৰ পৰা ছয় কিলোগ্ৰাম বীজ সিঁচিব লাগে আৰু বীজৰ কাৰণে কৰা খেতি হ’লে তিনিৰ পৰা চাৰি কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়।

সাৰ

বীজ সিঁচাৰ প্ৰায় চাৰি সপ্তাহৰ আগতে প্ৰতি বিঘা মাটিত চাৰিৰ পৰা পাঁচ কুইণ্টল জৈৱিক সাৰ প্ৰয়োগ কৰা হয়। ইয়াৰ উপৰিও প্ৰতি বিঘা মাটিত ছয় কিলোগ্ৰাম ইউৰিয়া, পয়ত্ৰিশ কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু পাঁচ কিলোগ্ৰাম পটেছিয়াম ক্ল’ৰাইড (MOP) প্ৰয়োগ কৰা হয়।

জলসিঞ্চন

শুকান বতৰত বা খৰালিত প্ৰয়োজন অনুসাৰে ২-৩ বাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়। বাৰিষা কালত শস্য নষ্ট নহ’বলৈ ইয়াক অতিমাত্ৰা পানীৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।

ফচল

বীজ ৰোপণ কৰাৰ ষাঠি দিনৰ পিছত খেতি চপোৱা হয়। ইয়াৰ পিছত মাটিডৰাত সঠিকভাৱে জলসিঞ্চন আৰু সাৰ প্ৰয়োগ কৰা হ’লে ৪৫-৫০ দিনৰ পিছত মাটিডৰাত অন্য খেতি কৰিব পৰা হয়। ঘাঁহ আৰু অন্যান্য পশুখাদ্য কমি যোৱা সময়চোৱাত কৰা খেতি সহজৰূপত লাভ কৰিব পৰা হয়। বাৰিষাৰ সময়চোৱাত প্ৰায় ৫০ ৰ পৰা ৫৫ কুইণ্টল আৰু শীতকালত অৰ্থাৎ খৰালি কালত ৪০ ৰ পৰা ৪৫ কুইণ্টল শস্য চপাব পাৰি। সাধাৰণতে এবিঘা মাটিৰ পৰা আমি ৪০-৪৫ কুইণ্টল পশুখাদ্য লাভ কৰিব পাৰোঁ। দুই ধৰণৰ শস্য চপালে ৮০-৯৩ কিলোগ্ৰাম পশুখাদ্য লাভ কৰিব পাৰি।

পুষ্টিকৰ উপাদান

প্ৰ’টিন: ১৪.২৪%
কেলচিয়াম: ১.২২%
ফছফৰাছ: ০.৪৩%

দীননাথ ঘাঁহ (Desho Grass)

ই এবিধ উৎকৃষ্ট মানৰ বৰ্ষাকালীন পশুখাদ্য। পশুৰ বাবে ই এক উৎকৃষ্ট খাদ্য। উৎকৃষ্ট মানৰ পশুখাদ্য হোৱাৰ উপৰিও এই ঘাঁহ মাটিৰ অৱক্ষয় ৰোধৰ বাবেও ব্যৱহৃত হয়। বৰ্ষাসিক্ত অঞ্চল বা অধিক বৰষুণ হোৱা অঞ্চলত এই ঘাঁহৰ খেতি সবাতোকৈ ভাল হয়। পানী বৈ যোৱাৰ সুব্যৱস্থা থকা উচ্চভূমিত ইয়াৰ খেতি ভাল হয়। ইয়াৰ বাবে মাটিডৰা তিনি-চাৰিবাৰ চহ কৰি প্ৰস্তুত কৰি ল’ব লাগে।

কেতিয়া আৰু কেনেকৈ ৰোপণ কৰা হয়?

এক বিঘা মাটিৰ বাবে এক কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বীজসমূহ এক ফুট ব্যৱধানৰ দুটি দুটি শাৰীত ৰোপণ কৰা হয়। বীজসমূহ এনে ধৰণৰ হিচাপত ৰোৱা হয় যাতে দুটি বীজৰ মাজত দুই ইঞ্চি বা পাঁচ ছেণ্টিমিটাৰৰ ব্যৱধান থাকে।

সাৰ

মাটি চহ কৰাৰ সময়ত ৬-৮ কুইণ্টল জৈৱিক সাৰ মাটিত মিহলোৱা হয়। ইয়াৰ উপৰি ৯ কিলোগ্ৰাম ইউৰিয়া আৰু ২৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট মাটিত মিহলোৱা হয়। প্ৰথম শস্য (পশুখাদ্য) চপোৱাৰ পিচত আকৌ ৯ কিলোগ্ৰাম ইউৰিয়া মাটিত প্ৰয়োগ কৰা হয়।

জলসিঞ্চন

এই পশুখাদ্যবিধ বা ঘাঁহবিধ বৰ্ষাকালীন হোৱা হেতুকে জলসিঞ্চনৰ প্ৰয়োজনীয়তা আহি নপৰে। অৱশ্যে শুকান বতৰত প্ৰয়োজন অনুসাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়।

ফচল বা চপোৱা শস্য

বীজ সিঁচাৰ দুমাহৰ পিচত দীননাথ নামৰ ঘাঁহবিধ কাটিব পৰা আৰু পশুক ভোজন কৰাব পৰা হয়। প্ৰথম শস্য চপোৱাৰ ৪৫ দিনৰ পিচত দ্বিতীয়বাৰ শস্য চপাব পৰা হয়। এই ব্যৱস্থাই প্ৰতি হেক্টৰ মাটিত ৬০ ৰ পৰা ৮০ কুইণ্টল পশুখাদ্য লাভ কৰাত সহায় কৰে।

গিনি ঘাঁহ

গিনি ঘাঁহ এবিধ চিৰসেউজীয়া উদ্ভিদ আৰু এবিধ উৎকৃষ্ট পশুখাদ্য। পশুৰ এই খাদ্য প্ৰিয় কিয়নো ই অধিক পাতযুক্ত হয়। এই ঘাঁহবিধ কমকৈ নষ্ট হয় বা পেলনি যায়। ঠিক নেপিয়াৰ ঘাঁহৰ দৰেই এই ঘাঁহ শুকান বতৰতো জীয়াই থাকে। বাৰিষা কালত এই ঘাঁহৰ বিকাশ সবাতোকৈ উৎকৃষ্ট হয়। শীতকালৰ অধিক ঠাণ্ডাৰ সময়চোৱাত ইয়াৰ বিকাশ মন্থৰ হয়। ওখ অঞ্চলৰ ছাঁ পৰা ভিজা মাটিত গিনি ঘাঁহৰ বিকাশ সৰ্বোত্তম হয়।

কেতিয়া আৰু কেনেকৈ ৰোপণ কৰা হয়?

ইয়াৰ বাবে তিনি-চাৰিবাৰ মাটিডৰা চহ কৰি প্ৰস্তুত কৰি লোৱা হয়। ইয়াৰ বাবে বীজ ৰোপণ আৰু কটা বা কলম কৰা দুয়োটা প্ৰথাই প্ৰযোজ্য যদিও কটা কাৰ্য্যই অধিক সুফল প্ৰদান কৰে। জুন-জুলাই মাহেই ইয়াক ৰোপণৰ উৎকৃষ্ট সময়। ইয়াক ৰোপণৰ বাবে ভালকৈ চহ কৰি লোৱা এক বিঘা মাটিত ৪০০০-৪৫৫৫ পৰ্যন্ত পুলি ব্যৱহাৰ কৰা হয়। ইয়াৰ দুজোপা উদ্ভিদৰ মাজত ৩৫ ছেণ্টিমিটাৰ ব্যৱধান ৰখা হয় আৰু দুটি শাৰীৰ মাজত ৭৫ ছেণ্টিমিটাৰ ব্যৱধান ৰখা হয়।

সাৰ

ইয়াৰ বাবে খেতি কৰা মাটিডৰাত সাৰ প্ৰয়োগ কৰা হয়। প্ৰতি বিঘা মাটিত ২৮ ৰ পৰা ৪৩ কিলোগ্ৰাম ইউৰিয়া, ৪০ ৰ পৰা ৫০ কিলোগ্ৰাম ফছফৰাছ আৰু ৫.৫ ৰ পৰা ৭ কিলোগ্ৰাম পটাছ প্ৰয়োগ কৰা হয়। খেতি কৰিবলৈ মাটিডৰা প্ৰস্তুত কৰি থকাৰ সময়ছোৱাত ব্যৱহৃত অন্য সাৰৰ অনুপাতে ১/৪ ভাগ ইউৰিয়া মাটিডৰাত প্ৰয়োগ কৰা হয়। খেতিত ব্যৱহৃত হোৱা ইউৰিয়া সাৰ সমপৰিমাণত ভাগ কৰা হয় প্ৰতিবাৰ শস্য চপোৱাৰ পিচতে ইয়াক মাটিডৰাত প্ৰয়োগ কৰা হয়। খেতি কৰা মাটিডৰাত গোবৰ সাৰ ব্যৱহাৰ কৰিলে নাইট্ৰজেন জাতীয় সাৰ যেনে ইউৰিয়াৰ ব্যৱহাৰ হ্ৰাস কৰিব পৰা যায়।

জলসিঞ্চন

গ্ৰীষ্মৰ সময়ছোৱাত নিয়মিতভাৱে পানী প্ৰয়োগৰ প্ৰয়োজন হয়।

ফচল

গিনি ঘাঁহৰ ফচল সাধাৰণতে বছৰত ছয়-সাতবাৰ লাভ কৰিব পাৰি। গিনি ঘাঁহ ৰোপণ কৰাৰ নব্বৈ দিনৰ পিচত ইয়াক প্ৰথম চপাব পাৰি। ইয়াৰ পিচত প্ৰয়োজন অনুসৰি এই ঘাঁহৰ বিকাশ লক্ষ্য কৰি ইয়াক কটা হয়। এই ঘাঁহ ওখ হ’লে ইয়াৰ তলৰ অংশ কঠিন হৈ পৰে আৰু তেনে অৱস্থাত পশুয়ে ইয়াক ভক্ষণ কৰিবলৈ ভাল নাপায়। সেয়েহে ৪৫ দিনৰ মূৰে মূৰে এই ঘাঁহ কটাটো উত্তম। এক বিঘা মাটিত ১০০ ৰ পৰা ১৩৫ কুইণ্টল এই পশুখাদ্যৰ খেতি কৰিব পাৰি।

পুষ্টিকাৰক উপাদান

প্ৰ’টিন: ৭.৮৮%
কেলচিয়াম: ০.৫১%
ফছফৰাছ ০.৩৯%
পটেছিয়াম: ৩.১৪%

লেছেৰামাহ

লেছেৰামাহ এবিধ মাহজাতীয় খৰিফ শস্য। ভালদৰে পানী ওলাই যাব পৰা বালিচঁহীয়া মাটিত ইয়াৰ খেতি ভাল হয়। সম্পূৰ্ণ প্ৰ’টিনযুক্ত পুষ্টিকাৰক আৰু সোৱাদেৰে ভৰা ই এবিধ সুষম পশু খাদ্য।

কেতিয়া আৰু কেনেকৈ ৰোপণ কৰা হয়?

মাৰ্চ মাহৰ পৰা চেপ্টেম্বৰ মাহলৈ লেছেৰামাহৰ বিকাশ হয়। এক বিঘা মাটি দুই তিনিবাৰ চহ কৰি লৈ পাঁচ-ছয় কিলোগ্ৰাম লেছেৰামাহৰ বীজ ৩০-৩৫ ছেণ্টিমিটাৰ ব্যৱধানৰ শাৰীত ৰোপণ কৰা হয়।

সাৰ

মাটিখিনি খেতিৰ বাবে প্ৰস্তুত কৰি থকাৰ সময়ছোৱাত প্ৰতি বিঘা মাটিত পাঁচ-ছয় কুইণ্টল মিশ্ৰসাৰ প্ৰয়োগ কৰা হয়। ইয়াত শুকান গোবৰ ভালদৰে মিহলি কৰি লোৱা হয়। ইয়াৰ উপৰিও প্ৰতি বিঘা মাটিত ছয় কিলোগ্ৰাম ইউৰিয়া, পয়ত্ৰিশ কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু পাঁচ কিলোগ্ৰাম পটেছিয়াম ক্ল’ৰাইড সাৰ প্ৰয়োগ কৰা হয়।

জলসিঞ্চন

বৰ্ষাৰ আগতে ইয়াৰ খেতি কৰিলে দহ-পোন্ধৰ দিনলৈ মাটিডৰাত পানী প্ৰয়োগ কৰিব লাগে। এই খেতিত পানী জমা থাকিলে পশুখাদ্য নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে বাৰিষাৰ সময়ছোৱাত সঠিকভাৱে নলা খান্দি অতিৰিক্ত পানী ওলাই যাব পৰা ব্যৱস্থা সুনিশ্চিত কৰি খেতিৰ যত্ন লোৱা হয়।

ফচল

সঠিক সময়ত ৰোপণ কৰাৰ ষাঠি দিনৰ পিচত এইবিধ পশুখাদ্য ৫০% ফুল মলিয়াবলৈ ধৰা সময়ছোৱাত চপোৱা হয়। প্ৰতি বিঘা মাটিৰ পৰা ৩০-৩৫ কুইণ্টল শস্য লাভ কৰিব পাৰি।

ৰীণা ঘাঁহ

ৰীণা এবিধ গ্ৰীষ্মকালীন পশুখাদ্য আৰু এবিধ ঘাঁহ জাতীয় শস্য। ঘেঁহুৰ সৈতে এই শস্যবিধৰ যথেষ্ট সাদৃশ্য আছে। পানী বৈ যাব পৰা পলসুৱা মাটিত এই শস্যৰ খেতি ভাল হয়। আৰ্দ্ৰ আৰু সেমেকা অঞ্চলত ৰীণা ঘাঁহৰ খেতি ভাল হয়।

  • এই ঘাঁহৰ Sirosa, TL 15 আৰু TL 2 প্ৰকাৰ অসমৰ বাবে উপযুক্ত।

কেতিয়া আৰু কেনেকৈ ৰোপণ কৰা হয়?

এপ্ৰিল মে’ মাহত ইয়াক ৰোপণ কৰা হয়। ইয়াৰ খেতি কৰিবলৈ লোৱা ঠাইখিনি সকলো ধৰণৰ অপ্ৰয়োজনীয় উদ্ভিদৰ পৰা মুকলি কৰি পৰিষ্কাৰ কৰি লোৱা হয়। অধিক ভাল শস্য লাভৰ বাবে শাৰী শাৰীকৈ নলা কটাৰ ব্যৱস্থা কৰা হয়। এই শস্যৰ খেতি শাৰী শাৰী বীজ ৰোপণ আৰু বীজ সিঁচা এই দুয়োটা উপায়েৰেই কৰিব পাৰি। শাৰী শাৰীকৈ বীজ ৰোপণ পদ্ধতিত ইয়াৰ খেতি অধিক ভাল হয়।

সাৰ

মাটিডৰা এই খেতিৰ বাবে প্ৰস্তুত কৰি থকাৰ সময়ছোৱাত প্ৰতি বিঘা মাটিত ছয় কুইণ্টল গৰুৰ গোবৰ মিহলোৱা হয়। ইয়াৰ উপৰিও প্ৰতি বিঘা মাটিত ১২ কিলোগ্ৰাম ইউৰিয়া, ২৫ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু সাত কিলোগ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰা হয়। আকৌ বীজ সিঁচাৰ আশী দিনৰ পিছত ১২ কিলোগ্ৰাম ইউৰিয়া ওপৰত প্ৰয়োগ কৰা হয়।

অপতৃণ আঁতৰ আৰু জলসিঞ্চন

সাধাৰণতে খেতি কৰাৰ ২৫-৩০ দিনৰ ভিতৰত অপ্ৰয়োজনীয় বন বা অপতৃণ আঁতৰোৱাটো অধিক লাভজনক। সঠিক জলসিঞ্চনৰ সুবিধা উপলব্ধ হ’লে শুকান বতৰত প্ৰয়োজন অনুসাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়।

শস্য চপোৱা বা ফচল

বীজ সিঁচাৰ ৬৫ ৰ পৰা ৭৫ দিনৰ ভিতৰত প্ৰথম শস্য চপোৱা হয়। ইয়াৰ পিছত দুই তিনিবাৰলৈ প্ৰতি পঞ্চাশ দিনৰ মূৰে মূৰে শস্য চপাব পাৰি। ৰীণা ঘাঁহ নামৰ পশুখাদ্যবিধ প্ৰতি বিঘা মাটিত ৫৫ ৰ পৰা ৬৫ কুইণ্টল পৰ্যন্ত উৎপন্ন হয়।

পাৰা ঘাঁহ

নেপিয়াৰ ঘাঁহৰ লেখিয়াকৈ পাৰা ঘাঁহো বছৰৰ সকলো সময়তে পাব পৰা এবিধ উৎকৃষ্ট পশু খাদ্য। সাৰুৱা আৰু আৰ্দ্ৰ ভূমি এই ঘাঁহৰ খেতিৰ বাবে উপযুক্ত। এই ঘাঁহৰ পুলি ৰোপণ কৰি ইয়াৰ খেতি কৰা হয়।

কেতিয়া আৰু কেনেকৈ খেতি কৰা হয়?

এই ঘাঁহৰ খেতি কৰিবলৈ মাটিডৰা চহাই ইয়াক বোকা কৰি লৈ প্ৰস্তুত কৰা হয়। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ইয়াক ৰোপণ কৰা হয়। এক বিঘা মাটিত ২০০০ ৰ পৰা ২৫০০ পুলি ৰোপণ কৰিব পাৰি। ঘাঁহ কাটি ৰোপণ কৰা ব্যৱস্থাত প্ৰতি কটা ঘাঁহৰ পুলিত দুটিৰ পৰা তিনিটি কলি থাকিব লাগে আৰু ইয়াক শাৰী শাৰীকৈ ৰোৱা হয়। দুটি শাৰীৰ মাজত ৬০ ছেণ্টিমিটাৰ আৰু ৰোপণ কৰা দুটি পুলিৰ মাজত ৫০ ছেণ্টিমিটাৰৰ ব্যৱধান থাকিব লাগে।

সাৰ

প্ৰতি বিঘা মাটিত আঠ কিলোগ্ৰাম ইউৰিয়া প্ৰয়োগ কৰা হয়। প্ৰতিবাৰ খেতি চপোৱাৰ পিছত আকৌ চাৰি কিলোগ্ৰাম ইউৰিয়া প্ৰয়োগ কৰা হয়।

জলসিঞ্চন

জলসিঞ্চন ব্যৱস্থাৰ সুবিধা থাকিলে খৰালি কালত নতুবা মাটিৰ আৰ্দ্ৰতা হ্ৰাস পোৱাৰ সময়ছোৱাত জলসিঞ্চনৰ ব্যৱস্থা কৰিলে ভাল ফল পাব পাৰি।

ফচল বা শস্য চপোৱা

ৰোপণ কৰাৰ তিনি মাহৰ পিছত শস্য চপোৱা হয়। ক্ৰমাগতভাৱে প্ৰতি মাহতে এই শস্য চপাব পাৰি। প্ৰায় ১১০ ৰ পৰা ১২০ কুইণ্টল সেউজীয়া ঘাঁহ লাভ কৰিব পাৰি।

পুষ্টিকাৰক উপাদান

প্ৰ’টিন: ৬.৯০%
কেলচিয়াম: ০.৩২%
ফছফৰাছ: ০.৩৫%

মাকৈ

পুষ্টিকৰ হোৱাৰ উপৰি এই মাকৈ পশুধনৰ সবাতোকৈ প্ৰিয় খাদ্য। গ্ৰীষ্মকালি এই শস্যৰ খেতি কৰা হয়। দ্বৈত মূল্যৰ বাবে এই শস্য কৃষকসকলৰ মাজত সবাতোকৈ জনপ্ৰিয়। এই দ্বৈত মূল্য হৈছে এই খেতিত মাকৈ ফল লাভ কৰাৰ পিছতে এই উদ্ভিদ পশুধনৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। মাথো পশুখাদ্য হিচাপে এই শস্যৰ খেতি কৰা হ’লে ইয়াৰ পৰা আশা কৰা ধৰণে লাভবান হ’বলৈ কোমল অৱস্থাতে ইয়াৰ খেতি চপোৱা হয়। পানী নোৰোৱা উচ্চ আৰু আৰ্দ্ৰ পলি ভূমিত ইয়াৰ খেতি সবাতোকৈ ভাল হয়।

  • অসমৰ কাৰণে উপযোগী এই খেতিৰ ভাগসমূহ হৈছে গংগা ৫, বিজয় আৰু আফ্ৰিকান টল।

কেতিয়া আৰু কেনেকৈ খেতি কৰা হয়?

মাটিডৰা ১০ মিলিমিটাৰ গভীৰকৈ খন্দা আৰু ভালকৈ কোৰ মাৰি ল’ব লাগে। অসমত সাধাৰণতে এপ্ৰিল মাহত ইয়াক ৰোপণ কৰা হয়। মাকৈৰ খেতি কৰাৰ ক্ষেত্ৰত ইয়াৰ বীজ সিঁচি বা শাৰী শাৰীকৈ ৰোপণ কৰি কৰা হয়। শাৰী শাৰীকৈ ৰোপণ কৰি খেতি কৰাৰ ক্ষেত্ৰত দুটি শাৰীৰ মাজত ৪৫ ছেণ্টিমিটাৰ আৰু দুজোপা উদ্ভিদৰ মাজত ২৫ ছেণ্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। প্ৰতি বিঘা মাটিত ৪৫/২-৭ কিলোগ্ৰাম বীজ ৰোপণ কৰিব পাৰি।

সাৰ

মাটিডৰা খেতিৰ বাবে প্ৰস্তুত কৰি থকাৰ সময়ছোৱাত প্ৰতি বিঘা মাটিত প্ৰায় পাঁচৰ পৰা ছয় কুইণ্টল সাৰ প্ৰয়োগ কৰা হয়। বীজ সিঁচিবৰ বাবে প্ৰস্তুত কৰি তোলা মাটিডৰাত ৰাসায়নিক সাৰৰ ক্ষেত্ৰত ৯ কিলোগ্ৰাম ইউৰিয়া, ২৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু সাত কিলোগ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰা হয়। বীজ সিঁচা হোৱাৰ পিছত শেষত আকৌ ৯ কিলোগ্ৰাম ইউৰিয়া মাটিডৰাত প্ৰয়োগ কৰা হয়।

শস্য চপোৱা

বীজ ৰোপণৰ ৬০-৭০ দিনৰ পিছত প্ৰথম শস্য চপাব পৰা হয়। পশুখাদ্য হিচাপে কোমলীয়া অৱস্থাত শস্য চপালে আশা কৰা ধৰণে লাভৱাম্বিত হ’ব পাৰি। সঠিকভাৱে এই শস্যৰ খেতি কৰিলে প্ৰতি হেক্টৰ মাটিৰ পৰা ২৫০ ৰ পৰা ৩০০ কুইণ্টল শস্য লাভ কৰিব পাৰি।

পুষ্টিকাৰক উপাদান

প্ৰ’টিন: ৮.১০%
কেলচিয়াম: ০.৫২%
ফছফৰাছ: ০.২৮%
পটেছিয়াম: ১.৩৪%