মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়

পশুসমূহৰ মূল্যাংকন

চিহ্নাংকনসূচী:

  • নূন্যতম দূৰত্বৰ ভেটেৰিন্যাৰী কেন্দ্ৰত মূল্যাংকনৰ বাবে আবেদন কৰিব পাৰে।
  • জীৱ-জন্তুৰ গৰাকী, বীমা কোম্পানীৰ প্ৰতিনিধি নতুবা পশুচিকিৎসা বিষয়াৰ উপস্থিতিত মূল্যাংকন সম্পন্ন কৰা হয়।

অৱলোকন

বীমা কৰিবৰ বাবে জীৱ-জন্তুৰ মূল্যাংকন কৰা হয়। গৰু, ম’হ, ভেড়া, ছাগলী, গাহৰি, ঘোঁৰা আৰু শহাপহু ইত্যাদি জন্তুৰ মূল্যাংকন আৰু বীমা কৰা হয়। জীৱ-জন্তুৰ গৰাকী, বীমা কোম্পানীৰ প্ৰতিনিধি নতুবা পশুচিকিৎসা বিষয়াৰ উপস্থিতিত মূল্যাংকন কাৰ্য্য সম্পন্ন কৰা হয়। জীৱ-জন্তুৰ বয়স, দুগ্ধ উৎপাদন, শাৰীৰিক স্বাস্থ্য, ওজন আৰু ই বহন কৰা বিশেষত্বসমূহ, বৰ্ণসংকৰ জাতৰ মূল্য ইত্যাদি দিশৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

প্ৰক্ৰিয়া

  1. আবেদনপত্ৰসমূহ সাধাৰণ কাগজত লিখি ওচৰৰ পশুচিকিৎসা কেন্দ্ৰত দাখিল কৰিব লাগে।
  2. বীমা প্ৰতিষ্ঠানক এই বিষয়ে অৱগত কৰিব লাগে।
  3. জীৱ-জন্তুৰ গৰাকী, বীমা প্ৰতিনিধি, পশুচিকিৎসা বিষয়াৰ উপস্থিতিত মূল্য নিৰ্ধাৰণ কাৰ্য্য সম্পন্ন কৰা হয়।

যোগ্যতাৰ মাপকাঠি

  • অসমৰ সকলো নাগৰিকে ইয়াৰ বাবে আবেদন কৰিব পাৰে।

মাচুল

কোনো ধৰণৰ মাচুলৰ প্ৰয়োজন নাই।

প্ৰ-পত্ৰ

  1. মূল্যাংকন প্ৰমাণপত্ৰ (মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণপত্ৰৰ পিছত এই মূল্যাংকন প্ৰমানপত্ৰ লাভ কৰিব পাৰি)

প্ৰাত্যহিক

  1. ওচৰৰ পশুচিকিৎসা কেন্দ্ৰত পশুপালকে বিস্তৃত বিৱৰণ দাখিল কৰিব লাগে।
  2. নিকট কৰ্তৃত্বশীল পশুচিকিৎসা বিষয়াই পশুপালক কৃষক আৰু বীমা প্ৰতিনিধিৰ উপস্থিতিত মূল্যাংকন কাৰ্য্য সম্পন্ন কৰে।

আবেদন কৰাৰ নিয়ম

  1. নিকট পশুচিকিৎসা কেন্দ্ৰলৈ সাধাৰণ কাগজত আবেদনপত্ৰ লিখি প্ৰেৰণ কৰিব লাগে।
  2. আবেদনপত্ৰত জন্তুবিধৰ বিষয়ে যেনে ইয়াৰ লিংগ, বয়স, মৃত্যুৰ সময় আৰু তাৰিখ ইত্যাদিৰ বিষয়ে সবিশেষ উল্লেখ কৰাটো বাঞ্ছনীয়। ইয়াৰ উপৰিও অতিৰিক্ত তথ্যৰ বাবে পশুচিকিৎসা বিষয়াই গৰাকীক প্ৰশ্ন সুধিব পাৰে।

সেৱাৰ প্ৰকাৰ

অফলাইন সেৱা।

অধিক তথ্যৰ বাবে যোগাযোগৰ ব্যক্তি:

ডাঃ এল. পি. ভৰালী
পশুচিকিৎসা বিষয়া
পশুচিকিৎসা সঞ্চালকালয়
খানাপাৰা, গুৱাহাটী – ২২
দূৰভাষ: ৯৪৩৫১৬৪০৭৫

জিলা ভিত্তিত পশুচিকিৎসা বিষয়া সকলৰ যোগাযোগৰ তালিকা

জিলা ভিত্তিত পশুচিকিৎসা কেন্দ্ৰসমূহৰ যোগাযোগৰ তালিকা