মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়

চিকিৎসালয়/ঔষধালয়/কৃত্ৰিম প্ৰজনন কেন্দ্ৰ

পশু চিকিৎসা কেন্দ্ৰসমূহৰ জিলা ভিত্তিক তালিকাৰ বাবে: ক্লিক কৰক।

জিলাভিত্তিক কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহৰ তালিকা পাবৰ বাবে: ক্লিক কৰক।

পশু চিকিৎসালয়

এয়া এক পশুচিকিৎসালয় প্ৰতিষ্ঠান য’ত সহকাৰী শৈল চিকিৎসকৰ দ্বাৰা পশুধন আৰু পোহনীয়া পক্ষীৰ বিভিন্ন ধৰণৰ চিকিৎসা যেনে দৈনন্দিন চিকিৎসা, টীকাকৰণ, ৰোগ প্ৰতিৰোধ, কৃত্ৰিম গৰ্ভধাৰণ আৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

ভেটেৰিনাৰী ঔষধালয়

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনত বিহিত কৰা হোৱা এলেকাসমূহত এই ভেটেৰিনাৰী ঔষধালয়ৰ প্ৰতিষ্ঠান স্থাপিত হয় য’ত সহকাৰী শৈল চিকিৎসকৰ দ্বাৰা পশুধন আৰু পোহনীয়া পক্ষীৰ দৈনন্দিন চিকিৎসা, ৰোগ প্ৰতিৰোধৰ বাবে টীকাকৰণ, কৃত্ৰিম প্ৰজনন আৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

খণ্ড ভেটেৰিনাৰী ঔষধালয়

খণ্ড পৰ্যায়ত এই প্ৰতিষ্ঠানক খণ্ড ভেটেৰিনাৰী ঔষধালয় বুলি জনা যায় য’ত পশু-পক্ষীৰ চিকিৎসা প্ৰদানৰ উপৰিও পশুচিকিৎসাৰ সম্প্ৰসাৰণ বিষয়াই দায়িত্ব পালন কৰি অহা পশুপালন আৰু পশুচিকিৎসাৰ সৈতে জড়িত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক গঢ়ি তুলি কৃষকসকলক প্ৰশিক্ষণ প্ৰদানৰ দৰে কাৰ্য্যসূচী সামৰি লোৱা হয়।

পশুচিকিৎসালয়ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ/উপকেন্দ্ৰ

পশুপালন আৰু পশুচিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰা এলেকাসমূহত স্থাপিত হোৱা এয়া পশুচিকিৎসাৰ প্ৰতিষ্ঠান য’ত SVFA/VFA সমূহে VAS/E.O সমূহৰ তত্বাৱধানৰ অধীনত পশুচিকিৎসাৰ সৰু-সুৰা অভ্যাসসমূহ সম্পন্ন কৰে।

Intensive Cattle Development Project (ICDP), কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহ

এই প্ৰতিষ্ঠানসমূহ পশুপালন আৰু পশুচিকিৎসা বিভাগে নিৰ্দেশ কৰা এলেকাসমূহৰ অধীনত পৰে য’ত গৰু, ম’হ, ছাগলী ইত্যাদি জন্তুসমূহৰ কৃত্ৰিম প্ৰজনন কাৰ্য্য VAS য়ে ‘পেৰাভেট’ৰ সহযোগত সম্পন্ন কৰে। জীৱ-জন্তুৰ কৃত্ৰিম প্ৰজনন কাৰ্য্য সম্পন্ন কৰাৰ উপৰিও এই প্ৰতিষ্ঠানসমূহত ৰোগ প্ৰতিৰোধৰ বাবে পশুধন আৰু পোহনীয়া পক্ষীৰ টীকাকৰণৰ কাৰ্য্যও দৈনন্দিন কাৰ্য্যসূচীত সামৰি লোৱা হয়।

পশুচিকিৎসালয়, ঔষধালয় আৰু কৃত্ৰিম প্ৰজনন কেন্দ্ৰৰ কাৰ্য্যসমূহ:

  1. পশুচিকিৎসালয়, ঔষধালয় আৰু ইয়াৰ কেন্দ্ৰসমূহৰ মৌলিক কাৰ্য্য হৈছে পশুধন আৰু পক্ষীৰ সুস্বাস্থ্য সুনিশ্চিত কৰি ইহঁতক সকলো ধৰণৰ মহামাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰা। ইয়াৰ বাবে প্ৰদান কৰা হোৱা সেৱাসমূহ তলত দিয়া ধৰণৰ:
    • সঠিক সময়ৰ অন্তৰে অন্তৰে টীকাপ্ৰদান আৰু চিকিৎসা সেৱা প্ৰদান।
    • খাহীকৰণ বা বন্ধ্যাকৰণ।
    • ফলোআপ বা অনুসৰণ।
    • সজাগতা শিবিৰ।
    • পোহনীয়া পক্ষীৰ ৰোগ নিৰ্ণয়ৰ বাবে নমুনা সংগ্ৰহ।
    • পশুধন বীমা।
    • মৰণোত্তৰ পৰীক্ষা।
    • পশুখাদ্যৰ বীজ আৰু পুলি বিতৰণ।
    • অনুৰ্বৰতা ৰোগৰ বিনামূলীয়া শিবিৰ।
    • গো পোৱালিৰ ৰেলী।
    • প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পশুখাদ্যৰ বিতৰণ।
    • কৃষকসকলৰ বাবে প্ৰযুক্তিগত নিৰ্দেশনা।
    • পশুধন আৰু পক্ষী পোহন কাৰ্য্যৰ বিত্তীয় সংযোগৰ বাবে আঁচনি প্ৰস্তুত।
    • অন্যান্য বিভাগীয় আঁচনিসমূহৰ পৰ্য্যৱেক্ষণ।
    • পশুচিকিৎসা বিভাগৰ পণ্যসামগ্ৰীসমূহৰ বজাৰ সমীক্ষণ।
    • ৰোগ নিৰীক্ষণ।
  2. কৃত্ৰিম প্ৰজনন (Artificial Insemination) পদ্ধতিৰ প্ৰয়োগেৰে স্থানীয় পশুধন উৎপাদনৰ উন্নতি সাধন কৰি পশুধন আৰু পক্ষীপালনৰ সৈতে জড়িত লোকসকলৰ আৰ্থিক অৱস্থা অধিক উন্নত কৰা।
  3. পশুধন আৰু পোহনীয়া পক্ষীৰ অধিক পুষ্টিসাধনৰ বাবে কৃষকসকলক বিভিন্ন প্ৰকাৰৰ পশুখাদ্যৰ খেতি কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা।
  4. পশুধন আৰু পক্ষীৰ ফাৰ্ম অধিক সুন্দৰ ৰূপত পৰিচালনা কৰাৰ বাবে কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা।