মাননীয় পশুপালন মন্ত্রী শ্রীযুত অতুল বৰাই ১৮ ডিচেম্বৰ’ ২০২০ত খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, গুৱাহাটীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ২২১ গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ প্ৰদান কৰে৷ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ইতিহাসত এইবাৰ প্ৰথমবাৰলৈ মহিলা পশু চিকিৎসা ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়াৰ লগতে ৩৭০ গৰাকী পশু চিকিৎসা ক্ষেত্ৰ সহায়কক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে৷ অনুষ্ঠানটোত উপস্থিত আছিল অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব, পশুপালন বিভাগৰ সঞ্চালক, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন, বিভাগৰ সচিব, দুগ্ধ উন্নয়নৰ সঞ্চালককে ধৰি কেইবাগৰাকী বিষয়া৷