মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়

ভেটেৰীনাৰী চিকিৎসক হ'ব?

চিহ্নাংকন সূচী:

  • আবেদনকাৰীয়ে সৰ্বনিম্ন ১৭ বছৰ আৰু সৰ্বোচ্চ ২৫ বছৰ বয়স সম্পূৰ্ণ কৰিব লাগিব।
  • পশুচিকিৎসা আৰু পশুপালনৰ স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰমৰ বাবে চৰকাৰী আৰু ব্যক্তিগত মহাবিদ্যালয়সমূহত প্ৰাৰ্থীসকলক বিশ্ববিদ্যালয়, ৰাজ্য চৰকাৰ নতুবা ভাৰতৰ পশুচিকিৎসা পৰিষদে আয়োজন কৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাধ্যমেৰে যোগ্যতাৰ ভিত্তিত নামভৰ্তিৰ বাবে বাচনি কৰা হয়।
  • অনলাইন আবেদনপত্ৰহে গ্ৰহণ কৰা হয়।

অৱলোকন

যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পশুচিকিৎসকসকলে ব্যক্তিগতভাৱে নতুবা চৰকাৰীভাৱে তেওঁলোকৰ কৰ্তব্যত নিয়োজিত হ’ব পাৰে। এগৰাকী পশুচিকিৎসক হ’বলৈ ব্যক্তি এগৰাকীয়ে ১০+২ উত্তীৰ্ণ হোৱাৰ পিছত পশুচিকিৎসা আৰু পশুপালন পাঠ্যক্ৰমত নিজকে নিয়োজিত কৰিব লাগে।

প্ৰক্ৰিয়া

আবেদনপত্ৰ অনলাইনযোগে দাখিল কৰিব লাগে।
বিভাগে নিৰ্ধাৰণ কৰি দিয়া তাৰিখ আৰু সময় অনুসৰি আবেদনকাৰীয়ে পশুচিকিৎসাৰ প্ৰৱেশ পৰীক্ষা (Veterinary Entrance Test) ত অৱতীৰ্ণ হ’ব লাগে।

যোগ্যতাৰ মাপকাঠি

  • আৱেদনকাৰীয়ে ১০+২ উত্তীৰ্ণ হোৱা অথবা অৱতীৰ্ণ হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব অথবা অন্তত এবছৰ আগতে অসমত নিয়োজিত হোৱা অসামৰিক প্ৰতিৰক্ষা বা পেৰামিলিটাৰীৰ পৰিয়ালৰ আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব।
  • সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীয়ে ১০+২ পৰীক্ষাত ইংৰাজী, পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞান আৰু জীৱবিজ্ঞান এই আটাইকেইটা বিষয়ত ৫০% নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য বিশেষ শ্ৰেণীসমূহৰ বাবে চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি ৪৭.৫% নম্বৰ লাভ কৰিব লাগিব।
  • তলত উল্লেখ কৰা অক্ষমতা থাকিলে এগৰাকী আবেদনকাৰীক নামভৰ্তিৰ বাবে অনুমতি দিয়া নহয়:
    (ক) ‘চেষ্টৰস্পাইন’ আৰু সম্পূৰ্ণ শৰীৰৰ ৫০% ৰ অধিক অক্ষমতা থাকিলে সেই আবেদনকাৰীক নামভৰ্তিৰ বাবে যোগ্য বুলি বিবেচনা কৰা নহয়।
    (খ) শৰীৰৰ অধঃশাখাত ৫০% ৰ অধিক অক্ষমতা থাকিলে।
    (গ) উৰ্ধ শাখাৰ অক্ষমতা।
    (ঘ) দেখা আৰু শুনা পোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা থাকিলে।
    (ঙ) পেশীবিকৃতি ৰোগত আক্ৰান্ত আবেদনকাৰী।
    (চ) এগৰাকী পশুচিকিৎসকৰ কৰ্তব্য সম্পাদনত প্ৰতিবন্ধক সৃষ্টি কৰিব পৰা যিকোনো অক্ষমতা।
  • বিদেশৰ পৰা স্পঞ্জৰ কৰা হোৱা দ্বিপাৰ্শ্বিক বা বহুপাৰ্শ্বিক চুক্তিৰ অধীনৰ আবেদনকাৰী আৰু এন.আৰ.আই/এন.আৰ.আই ৰ দ্বাৰা স্পঞ্জৰ হোৱা আবেদনকাৰী পশুচিকিৎসা প্ৰৱেশ পৰীক্ষা (Veterinary Entrance Test) ৰ পৰা অব্যাহতি প্ৰদান কৰা হয়।

মাচুল

আবেদনপত্ৰৰ সৈতে ১,১০০ টকা মাত্ৰ।

প্ৰয়োজনীয় নথিপত্ৰ

  1. স্কেন কৰা (৩ ছেণ্টিমিটাৰ x ৪ ছেণ্টিমিটাৰ) ফৰম্যাটৰ পাচপোৰ্ট আকাৰৰ ফটোগ্ৰাফ।
  2. আবেদনকাৰীৰ (৩ ছেণ্টিমিটাৰ x ১ ছেণ্টিমিটাৰ) ফৰম্যাটৰ স্কেন কৰা স্বাক্ষৰ।
  3. ১০+২ পৰীক্ষাৰ মাৰ্কশ্বিট।

প্ৰৱেশ পৰীক্ষাৰ গঠন

  1. প্ৰৱেশ পৰীক্ষাত সৰ্বমুঠ ১৫০ টা প্ৰশ্ন থাকিব।
  2. ইয়াৰ প্ৰতিটো প্ৰশ্নত এক নম্বৰকৈ থাকিব আৰু এনেদৰে ১৫০ টা প্ৰশ্নৰ বাবে সৰ্বমুঠ ১৫০ নম্বৰ থাকিব।
  3. পৰীক্ষাৰ সময় দুঘণ্টা।
  4. এই প্ৰৱেশ পৰীক্ষাত প্ৰশ্ন সন্নিৱিষ্ট বিষয়সমূহ হৈছে পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞান, জীৱবিজ্ঞান আৰু উদ্ভিদবিজ্ঞান।

আবেদন কৰাৰ নিয়ম

  1. আবেদন কৰাৰ নিয়ম কাৰ্য্যালয়ৰ ৱেবচাইট খুলিব লাগে।
  2. নামভৰ্তিৰ সময়ত আবেদনকাৰীয়ে ‘Apply online for AAUVET’ শিৰোনামৰ এটি লিংক লাভ কৰে।
  3. আবেদনৰ প্ৰ-পত্ৰত অত্যাৱশ্যকীয় তথ্য প্ৰদান কৰিব লাগে।
  4. স্কেন কৰা হোৱা আলোকচিত্ৰ আৰু স্বাক্ষৰ আপলোড আৰু আবেদনৰ মাচুল প্ৰদান কৰাৰ পিছত আবেদনকাৰীয়ে আবেদনৰ প্ৰ-পত্ৰ অনলাইনযোগে দাখিল কৰিব লাগে।
  5. আবেদনকাৰীয়ে এটি পঞ্জীয়ন সংখ্যা আৰু পাচৱৰ্ড লাভ কৰে যি তেওঁলোকে অনাগত সময়ত ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰি ৰাখিব লাগে।
  6. প্ৰ-পত্ৰ পূৰণ কৰোতে আবেদনকাৰীয়ে অতি সচেতনতা অৱলম্বন কৰিব লাগে। বিশেষকৈ ১০+২ ৰ নম্বৰসমূহৰ ক্ষেত্ৰত। কাৰণ ইয়াৰ খেলিমেলিয়ে এগৰাকী আবেদনকাৰীৰ আবেদন বাতিল কৰিব পাৰে। ইয়াৰ বাবে কাৰ্য্যালয়ে কোনো জাননী বা বিজ্ঞপ্তি প্ৰদান নকৰে।
  7. সকলো আবেদনকাৰীয়ে কাউন্সেলিং বা পৰামৰ্শ দানৰ সময়ছোৱাত ‘Confirmation Sheet’ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক। আবেদনপত্ৰ চূড়ান্ত হ’লেহে এই নথি (কনফাৰমেশ্যন শ্বিট) আবেদনকাৰীয়ে লাভ কৰিবলৈ সক্ষম হয়।
    চূড়ান্ত হোৱা প্ৰ-পত্ৰ কোনো কাৰণতে পুনৰ সংস্কৰণযোগ্য নহয়।

সেৱাৰ প্ৰকাৰ

অনলাইন সেৱা।

যোগাযোগৰ ব্যক্তি

অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট, পিন- ৭৮৫০১৩
অসম
টেলিফেক্স: ০৩৭৬-২৩৪০০০১
ই-মেইল: webadmin@aau.ac.in