সুস্বাস্থ্যৰ কাৰণে প্ৰতিদিনে ১৫০ গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন হয় কিন্তু ইয়াৰ পৰিৱৰ্তে ২.৫ গ্ৰাম প্ৰ’টিনহে আমি লাভ কৰোঁ। অসমত প্ৰ’টিনযুক্ত খাদ্যৰ বাৰুকৈয়ে নাটনি হোৱা পৰিলক্ষিত হয়। গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি ইত্যাদি জীৱ-জন্তুয়ে এই অভাৱ পূৰণ কৰাত বহুখিনি অৱদান আগবঢ়াব পাৰে। বিশেষকৈ গাহৰি পালনৰ ফলত অন্যান্য দিশত লাভৱাম্বিত হোৱাৰ উপৰিও অৰ্থনৈতিক দিশত কৃষকক লাভৱাম্বিত হোৱাৰ ক্ষেত্ৰত বহুখিনি অৰিহণা আগবঢ়ায়। এটা গাহৰিয়ে বছৰত ৮ ৰ পৰা ১০ টা পোৱালি জন্ম দিয়ে। ইয়াৰ বাবে অৱশ্যে বিজ্ঞানসম্নত পদ্ধতিৰে গাহৰি পালন কৰাটো উচিত। বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পালন কৰিলে পোহনীয়া জন্তুবিধক লগতে গোটেই পৰিৱেশকেই ৰোগমুক্ত কৰি ৰাখিব পাৰি। গাহৰি পালনৰ আন এক সুবিধাজনক দিশ হৈছে অন্য পোহনীয়া জন্তুৰ তুলনাত গাহৰিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক। গাহৰি পালন সম্প্ৰতি বহু নিবনুৱা যুৱকৰ অৰ্থোপাৰ্জনৰ সমলৰূপে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।
গাহৰিয়ে অতি গৰম বা অতি ঠাণ্ডা সহ্য কৰিব নোৱাৰে। বতাহ চলাচল কৰিব পৰা বহল ঠাই গাহৰিৰ বিকাশৰ বাবে উপযুক্ত। ইয়াৰ উপৰি ঠাইডোখৰ শুকান আৰু পৰিষ্কাৰ হ’ব লাগে। সেয়েহে কাঠৰ মজিয়া পৰিষ্কাৰ কৰিবলৈ অসুবিধা হোৱা হেতুকে মজিয়াসমূহ পকী আৰু খহটা হোৱাটো উচিত যাতে মজিয়াখন শুকান হৈ থাকে। গাহৰি গড়ালৰ মূধচ বৰষুণৰ পানী সৰকিব নোৱাৰাকৈ খেৰ, টিন বা এলবেষ্টৰেৰে ঢাকি দিয়া হয়।
গাহৰিৰ গড়ালৰ বাবে চাৰিওফালৰ দেৱাল চাৰিৰ পৰা পাঁচ ফুট ওখকৈ সজোৱা হয়। পানী সোমাব নোৱাৰাকৈ দুৱাৰ খিৰিকীসমূহ সজা হয়। গাহৰিক খাদ্য খোৱাবৰ বাবে গড়ালৰ ভিতৰত আৰু বাহিৰত ব্যৱস্থা কৰি লোৱা হয়। গাহৰিক খাদ্য যোগান ধৰা পাত্ৰসমূহ একে স্থানত ৰখাৰ উপৰিও এই পাত্ৰসমূহ ওজন হোৱাটো প্ৰয়োজনীয় যাতে ইহঁতে খাদ্য গ্ৰহণ কৰিলে পাত্ৰসমূহ ইফাল-সিফাল হৈ অস্থিৰ হৈ নাথাকে। গাহৰিক খাদ্য খুওৱা পাত্ৰ মজিয়াৰ পৰা ছয় ইঞ্চি উচ্চতাত থাকিব লাগে। অৱশ্যে গাহৰিৰ জাতৰ ভিন্নতা অনুসৰি ইয়াৰ আকাৰ ভিন্ন হয়। পোৱালি গাহৰিৰ বাবে মজিয়াৰ আকাৰ ২০-২৫ বৰ্গফুট আৰু প্ৰাপ্তবয়স্ক গাহৰিৰ বাবে মজিয়াৰ আকাৰ ৭০-৮০ বৰ্গফুট হ’ব লাগে। গাহৰিয়ে পোৱালি জন্ম দিবলৈ নতুবা ইয়াৰ প্ৰজননৰ বাবে মজিয়াৰ জোখ ৮০-২০০ বৰ্গফুট হ’ব লাগে। ইয়াৰ পিছত সমান জোখৰ ঠাই ইহঁতৰ বিকাশৰ বাবে প্ৰদান কৰা হয়।
গাহৰি ফাৰ্ম স্থাপন কৰিবলৈ হ’লে প্ৰথম গুৰুত্ত প্ৰদান কৰিবলগীয়া বিষয়টো হৈছে পালন কৰিবলৈ কিনি অনা গাহৰিৰ লিংগ জনা অৰ্থাৎ ই মতা নে মাইকী। ইয়াৰ পিছত ইয়াৰ পিঠিৰ পৰা কঁকাললৈ দীঘ আৰু প্ৰস্থৰ দিশটো পৰীক্ষা কৰা। মাইকী গাহৰি কিনিলে তাই আগতে পোৱালি দিছিলে নেকি আৰু যদি দিছিলে তেনেহ’লে পোৱালিৰ সংখ্যা কিমান সেয়া পৰ্য্যৱেক্ষণৰ আওতালৈ অনা হয়। সম্ভৱ হ’লে এটা গাহৰি কিনাৰ আগতে তাৰ দুবছৰ আগৰ ইতিহাস জানি লোৱাটো ভাল। এই একে বিষয় মতা গাহৰিৰ ক্ষেত্ৰটো প্ৰযোজ্য। মতা গাহৰিৰ ইয়াৰ বয়স অনুপাতে নিৰ্দিষ্ট ওজন থাকিব লাগে। ৩/৪ মহীয়া মাইকী গাহৰি কিনিলে ৫/৬ মহীয়া মতা গাহৰি কিনাটো লাভজনক। সাধাৰণতে মাইকী গাহৰিতকৈ অন্ততঃ দুমাহ বয়সত ডাঙৰ মতা গাহৰি কিনিব লাগে।
স্থানীয় প্ৰজাতিৰ গাহৰি অৰ্থনৈতিকভাৱে অধিক লাভজনক নহয় সেয়ে অষ্ট্ৰেলিয়া, আমেৰিকা আৰু আয়াৰলেণ্ডৰ গাহৰিৰ সৈতে স্থানীয় প্ৰজাতিৰ গাহৰিৰ প্ৰজনন ঘটাই বৰ্ণসংকৰ জাতৰ গাহৰি সৃষ্টি কৰাটো সবাতোকৈ লাভজনক হিচাপে পৰিগণিত।
গাহৰিৰ সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ | |||
---|---|---|---|
1 | ![]() | হেম্পশ্বায়াৰ গাহৰি হৈছে এবিধ ঘৰচীয়া গাহৰি। থিয় কাণ, ক’লা শৰীৰ আৰু ডিঙিৰ পৰা আগঠেঙলৈ আৱৰা বগা অংশৰ পৰা হেম্পশ্বায়াৰ গাহৰি চিনাক্ত কৰিব পাৰি। | |
2 | ![]() | ডেভন, কৰ্ণৱাল বা বগ্গু বোলা গাহৰিবিধ ক’লা বৰণৰ। ই এবিধ ঘৰচীয়া গাহৰিৰ জাত। গ্ৰেটব্ৰিটেইনৰ বাসিন্দা আৰু ডেভন, কৰ্ণৱাল, এচচেক্স ইত্যাদি ঠাইত পোৱা যায়। | |
![]() | বিশালকায় বগা গাহৰিবিধ সাধাৰণতে বাহিৰা কাৰ্য্য (Outdoor System) ত ব্যৱহাৰ কৰা হয়। প্ৰায় সকলো ধৰণৰ অৱস্থাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এই গাহৰিবিধ শক্তিশালী। | ||
![]() | আমেৰিকান লেণ্ডৰেছ মধ্যমীয়া আকাৰৰ পৰা বিশাল আকাৰৰ এবিধ ঘৰচীয়া গাহৰিৰ প্ৰজাতি। ইহঁতৰ দেহ দীঘল আৰু গাৰ বৰণ বগা, নোমবোৰ মিহি, নাকটো দীঘল, ওজন আৰু কাণ দুখন ওলমা। | ||
![]() | আমেৰিকান ইয়ৰ্কশ্বায়াৰ হৈছে এবিধ ঘৰচীয়া তথা বিশাল আকাৰ বগা গাহৰিৰ আমেৰিকান ৰূপান্তৰ। ইহঁত দেখিবলৈ বগা ৰঙৰ আৰু কাণ দুখন থিয়। | ||
![]() | স্যাডলবেক (Saddleback) নামৰ গাহৰিবিধৰ ক’লা শৰীৰত বেল্টৰ লেখীয়াকৈ বগা চিন দেখা যায়। অৱশ্যে ইহঁতৰ আকাৰ আৰু গঠনৰ মাজত পাৰ্থক্য দেখা পোৱা যায়। ব্ৰিটিছ স্যাডলবেক (British Saddleback) হৈছে ঘৰচীয়া গাহৰিৰ আধুনিক ব্ৰিটিছ প্ৰজনন। ১৯৬৭ চনত ইয়াক সৃষ্টি কৰা হয়। |
গাহৰিৰ খাদ্য গাহৰিৰ ফাৰ্ম গঢ়ি তোলাৰ সমান্তৰালভাৱে প্ৰয়োজনীয় বিষয়টো হৈছে ইহঁতক খাদ্য প্ৰদান। গাহৰি সৰ্বভক্ষী জন্তু আৰু প্ৰায় সকলো প্ৰকাৰৰ খাদ্যই ইহঁতে ভক্ষণ কৰে। সেয়েহে ইহঁতক খাদ্য খুৱাবলৈ হাবাথুৰি খাবলগীয়া নহয়। হোটেলৰ খাদ্য, ঘৰত ৰন্ধা খাদ্য, ঘাঁহ, মেটেকা, আলু, কচু সকলো খাদ্যই গাহৰিয়ে ভক্ষণ কৰে। গাহৰি পালন কৰিলে আমি মাথো ইহঁতৰ পুষ্টিৰ দিশটোলৈ গুৰুত্ত আৰোপ কৰি ইহঁতক প্ৰদান কৰা খাদ্যত প্ৰ’টিন, ফেট, খনিজ লৱণ, খাদ্যপ্ৰাণ ইত্যাদি গুণ থকাটোৰ দিশত নিশ্চিত হ’ব লাগে।
গাহৰিৰ পোৱালিৰ জন্মৰ পিছতে ইহঁতৰ গাখীৰৰ চাহিদা পূৰণৰ লগতে খনিজ লৱণৰ চাহিদা পূৰণ কৰা হয়। ইয়াৰ দহ দিনৰ পিছতহে ইহঁতক পোৱালিক খুওৱা খাদ্য খুওৱা হয়। প্ৰথমাৱস্থাত প্ৰতিটো গাহৰি পোৱালিকে ২০০ গ্ৰামকৈ আৰু পিছলৈ ৫০০ গ্ৰামকৈ প্ৰতিবাৰতে খাদ্যৰ যোগান ধৰা হয়। দুই মাহ অৰ্থাৎ আঠ সপ্তাহৰ পিছত পোৱালিবোৰক মাকৰ পৰা আতৰাই নিয়া হয় আৰু তেতিয়াৰে পৰা বিকাশ সাধনত সহায়কাৰী শুকান খাদ্যৰ যোগান ধৰা হয়। ইয়াত ইহঁতক পানী খোৱাৰো ব্যৱস্থা কৰি দিয়া হয়।
গাহৰিৰ বয়স | গাহৰিৰ ওজন | খাদ্যৰ পৰিমাণ |
---|---|---|
একৰ পৰা দুমাহ | ৫ ৰ পৰা ১২ কিলোগ্ৰাম | ২০০ ৰ পৰা ৫০০ গ্ৰাম |
দুইৰ পৰা তিনিমাহ | ১২ ৰ পৰা ১৮ কিলোগ্ৰাম | ৫০০ ৰ পৰা ১০০০ গ্ৰাম |
তিনিৰ পৰা চাৰিমাহ | ১৫ ৰ পৰা ২৫ কিলোগ্ৰাম | ১০০০ ৰ পৰা ১২৫০ গ্ৰাম |
চাৰিৰ পৰা পাঁচমাহ | ২৫ ৰ পৰা ৩৫ কিলোগ্ৰাম | ১২৫০ ৰ পৰা ১৫০০ গ্ৰাম |
পাঁচৰ পৰা ছয়মাহ | ৩৫ ৰ পৰা ৫৫ কিলোগ্ৰাম | ১৫০০ ৰ পৰা ২০০০ গ্ৰাম |
ছয়ৰ পৰা সাতমাহ | ৫৫ ৰ পৰা ৭০ কিলোগ্ৰাম | ২০০০ ৰ পৰা ২৫০০ গ্ৰাম |
৩৫ কিলোগ্ৰাম ওজন হোৱাৰ পিছত এটা গাহৰিয়ে প্ৰাপ্তবয়স্কৰ খাদ্য খাব পৰা হয়। ইয়াৰ বয়স অনুপাতে খাদ্য যোগান ধৰা হয়।
গাহৰিৰ শ্ৰেণীবিভাজন | মাকৈ গুড়ি | ঘেঁহু গুড়ি | চীনাবাদাম কেক | শুকান মাছৰ গুড়ি | সূক্ষ্মতত্ব | লৱণ |
---|---|---|---|---|---|---|
কেঁচুৱা | ৬০% | ৯.৫% | ২০% | ৮% | ২% | ০.৫% |
বাঢ়ি অহা গাহৰি | ৫৩% | ২২.৫% | ২০% | ৫% | ২% | ০.৫% |
প্ৰাপ্তবয়স্ক | ৪০% | ৩২.৫% | ২০% | ৫% | ২% | ০.৫% |
অৰ্থনৈতিক লাভালাভৰ বাবে গাহৰি পালন কৰিলে ঘৰৰে অতিৰিক্ত খাদ্য হোটেলৰ অতিৰিক্ত খাদ্য, পেলনীয়া শাক-পাচলিৰ অংশ, আলু, পানী মেটেকা ইত্যাদি খাদ্য খুৱাব লাগে। এনেদৰে খাদ্য প্ৰদান কৰিলে খৰচ ৰাহি হয় লগতে প্ৰয়োজন অনুপাতে পোহনীয়া গাহৰিক খাদ্য প্ৰদান কৰিব পাৰি।
গাহৰিক প্ৰয়োজন অনুপাতে সদায় পৰিষ্কাৰ পানী পান কৰাব লাগে।
গাহৰি পালকসকলৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰ কৰে গাহৰি বোৰৰ প্ৰজনন সংখ্যাৰ ওপৰত। গাহৰিসমূহৰ বৈজ্ঞানিক প্ৰতিপালৰ দ্বাৰা এই প্ৰক্ৰিয়া তীব্ৰতৰ কৰিব পৰা যায়। প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণৰে কৰিব পৰা যায়- প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়া।
প্ৰাকৃতিকভাৱে বা কৃত্ৰিম পদ্ধতিৰে বীৰ্য প্ৰয়োগৰ পিছত গাহৰিজনীয়ে যদি যৌনকৰ্মৰ প্ৰতি ইচ্ছা প্ৰকাশ নকৰে তেতিয়াহ’লে গাহৰিজনী গৰ্ভৱতী বুলি গম পাব পাৰি। এই ক্ষেত্ৰত গাহৰিজনী নিৰোগী হ’ব লাগিব। তিনি মাহ, তিনি সপ্তাহ আৰু তিনি দিনৰ পিছত পোৱালি জন্ম হয়।
গৰ্ভাৱস্থাৰ সময়ছোৱাত গাহৰিৰ যতন লোৱা হয়। ১১৪ দিনলৈ কেঁচুৱা মাকৰ গৰ্ভত থাকে। প্ৰথম তিনিমাহ সময় দুই-তিনিজনী গৰ্ভৱতী গাহৰি একেলগে ৰাখিব পাৰি। ইয়াৰ পিছত গৰ্ভাৱস্থাৰ অন্ত পৰাৰ সময়ছোৱাত অৰ্থাৎ পোৱালি প্ৰসৱ কৰাৰ পিছত বিশেষ সুবিধাসম্পন্ন অৱস্থা (Farrowing pens) ৰখাৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত বিশেষ কিছুমান সুবিধা উপলব্ধ কৰোৱা হয়। যেনে-
(১) নৱজাতকে মাকৰ গাখীৰ পান কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়া হয়।
(২) পোৱালিয়ে মাকৰ দেহৰ হেঁচা খোৱাৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ এডাল পাইপ নতুবা বাঁহ মজিয়াৰ পৰা ন ইঞ্চি আৰু দেৱালৰ পৰা ন ইঞ্চি হিচাপত অৱস্থান কৰোৱা হয়। ইয়াৰ দ্বাৰা মাকৰ শৰীৰৰ হেঁচাত মৃত্যু হোৱাৰ পৰা পোৱালিক ৰক্ষা কৰিব পৰা হয়।
(৩) খাদ্য আৰু পানীয় বেলেগ বেলেগ পাত্ৰত দিয়াৰ ব্যৱস্থা কৰা হয়।
(৪) Farrowing Pen সমূহ সদায় শুকান আৰু পৰিষ্কাৰকৈ ৰখা হয়।
গৰ্ভধাৰণ কৰা গাহৰিক farrowing pen লৈ নিয়াৰ আগতে গাহৰিজনীক ভালকৈ ধুই-পখালি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি লোৱা হয়।
গৰ্ভধাৰণৰ ১১৪ দিনৰ আগতে গাহৰিজনীক ভালদৰে পৰীক্ষা কৰা উচিত। ইয়াৰ বাবে farrowing pen ৰ ভিতৰত পৰিষ্কাৰ ঘাঁহ বনেৰে বিছনাৰ দৰে ব্যৱস্থা কৰি দিয়া হয়।
পোৱালিৰ জন্মৰ সময়ছোৱাত মাকে একো অসুবিধা যাতে নাপায় তালৈ লক্ষ্য ৰাখি এজন সহায়ক ওচৰত থাকিব লাগে। পোৱালি জন্মৰ পিছত পেলনীয়া জৈৱিক পদাৰ্থসমূহ পৰিষ্কাৰ কৰি মাটিত ভালদৰে পুতি থব লাগে। পোৱালি জন্ম দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰত মাকজনীক কম কম পৰিমাণে আহাৰ গ্ৰহণ কৰাব লাগে। জন্মৰ সাধাৰণতে দুঘণ্টা পিছত মাকে কেঁচুৱাক গাখীৰ খুৱাবলৈ প্ৰস্তুত হ’ব পাৰে। উল্লেখ কৰা হোৱা ২৫০০-৩০০০ গ্ৰাম খাদ্যৰ উপৰিও প্ৰতিটো পোৱালিয়ে পুষ্টি লাভ কৰিবৰ জোখাৰে ২০০ গ্ৰামকৈ অতিৰিক্ত খাদ্য গাহৰিজনীক প্ৰদান কৰিব লাগে।
সহায়ক ব্যক্তিগৰাকীয়ে জন্ম হোৱা প্ৰতিটো পোৱালিকে অতি সাৱধানেৰে পৰিষ্কাৰ কৰিব লাগে।
এনেদৰে পৰিষ্কাৰ কৰোতে সাধাৰণতে পোৱালিটোৰ নাক আৰু কাণৰ অংশ পৰিষ্কাৰ কৰা হয়। ইয়াৰ পিছত সিহঁতক শুকান ঠাইত ৰখাৰ ব্যৱস্থা কৰা হয়। জন্মৰ এঘণ্টা পিছত পোৱালিৰ গৰ্ভনাভিৰ অপ্ৰয়োজনীয় অংশ কাটি পেলোৱা হয় আৰু ঠাইডোখৰত সামান্য পৰিমাণৰ আয়ডিন প্ৰয়োগ কৰা হয়। গাখীৰ খুৱাওতে দুৰ্বল আৰু কমজোৰী পোৱালিবোৰক মাকৰ বুকুৰ অংশত আৰু স্বাস্থ্যবান পোৱালিবোৰক পেটৰ অংশত ৰখা হয়।
মাকৰ গাখীৰ খাওতে আঘাত নকৰিবলৈ আৰু খেলাধূলা কৰোতে ইটো পোৱালিয়ে আনটো পোৱালিক আঘাত কৰিব নোৱাৰাকৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি জন্মৰ তিনি চাৰি দিনৰ পিছতে পোৱালিৰ বেজীৰ দৰে জোঙা দাঁত কটা হয়।
পোৱালিক ৰক্তহীনতাৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ওচৰৰ পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি জন্মৰ সাত আঠ দিনৰ পিছত এটি টীকা আৰু দুসপ্তাহৰ পিছত আন এটি টীকা প্ৰদান কৰা হয়। এই দুটি বেজীয়ে গাহৰি পোৱালিক লৌহ পদাৰ্থৰ অভাৱত মৃত্যু হোৱাৰপৰা ৰক্ষা কৰি প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে।
অন্যান্য জন্তুৰ তুলনাত গাহৰিৰ ৰোগ সাধাৰণতে কম হয়। গাহৰিৰ হোৱা ৰোগসমূহৰ ভিতৰত আছে- Anthrax, Haemorrhagic septicaemia, foot and mouth disease, Swine fever আৰু Anemia.
Bacillus Anthracis নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।
ৰোগৰ উপসৰ্গসমূহ: জন্তুৰ নাক আৰু মুখৰপৰা তেজ ওলায় আৰু অতিপাত জ্বৰ হয়।
প্ৰতিষেধক চিটা: এনথ্ৰাক্স ছিটা।
এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিৰ মৃতদেহ অতি সাৱধানে পুতি থ’ব লাগে আৰু এয়া লক্ষ্য ৰাখিব লাগে যাতে মৃতদেহ কাউৰী শগুণে উলিয়াই ভক্ষণ কৰিব নোৱাৰে।
Pasteurella multocida নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।
ৰোগৰ উপসৰ্গসমূহ: অতিপাত জ্বৰ হোৱাৰ লগতে আক্ৰান্ত জন্তুবিধৰ ডিঙিটো ফুলি উঠে আৰু বেঁকা হৈ যায়।
প্ৰতিষেধক ছিটা: এই ৰোগৰ আক্ৰমণৰ পৰা গাহৰিক ৰক্ষা কৰিবলৈ প্ৰতি ছমাহৰ মূৰে মূৰে ইহঁতক ছিটা প্ৰদান কৰা হয়।
এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিক ভালকৈ পুতি থ’ব লাগে।
Clostridium chauvoei নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।
ৰোগৰ উপসৰ্গসমূহ: জ্বৰ আৰু খোজ কঢ়াত অসুবিধা। শেষৰ ফালে আক্ৰান্ত জন্তুবিধৰ ঠেঙৰ ওপৰ অংশ ফুলি উঠে।
প্ৰতিষেধক ছিটা: প্ৰতি ছমাহৰ মূৰে মূৰে ছিটা দিয়াৰ ব্যৱস্থা কৰা হয়।
Picornavirus নামৰ বীজাণুৰ পৰা এই ৰোগ হয়।
ৰোগৰ উপসৰ্গসমূহ: এই ৰোগত আক্ৰান্ত জন্তুবিধৰ মুখ আৰু জিভাত ঘা হয়। ইয়াৰ উপৰি খোৰাৰ মাজতো ঘা হয়।
প্ৰতিষেধক ছিটা: এই ৰোগ প্ৰতিৰোধৰ বাবে জন্মৰ একৰ পৰা ছমাহৰ ভিতৰত ছিটা দিয়া হয়। অৱশ্যে প্ৰয়োজন অনুসাৰে ছমাহৰ মূৰে মূৰে ছিটা প্ৰদান কৰা হয়।
লক্ষণসমূহ: জ্বৰ আৰু গ্ৰহণী ৰোগ।
এই ৰোগ প্ৰতিৰোধৰ বাবে গাহৰিক টীকা প্ৰদান কৰাটো প্ৰয়োজনীয়।
গাহৰি পোৱালি ৰক্তহীনতাত ভোগি প্ৰায় মৃত্যুমুখত পৰা দেখা যায়। ইয়াৰ বাবে আয়ডিনৰ বড়ি প্ৰদান কৰিব লাগে।
ইংৰাজীত এষাৰ কথা আছে- Prevention is better than cure. ইয়াৰ সহজ অৰ্থ হৈছে আৰোগ্য লাভ কৰিবৰ অৱস্থা হোৱাতকৈ প্ৰতিৰোধ কৰাটো উত্তম। সেয়েহে অৰ্থনৈতিক কাৰণত গাহৰি পালন কৰিলে পশুচিকিৎসা বিষয়াৰ পৰামৰ্শ মানি চলি উক্ত দিশত আগবঢ়া উচিত।